তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত শিশুৰ বাবে ৩০ খন বিচনাযুক্ত আই চি ইউ মুকলি মুখ্যমন্ত্ৰীৰ।
উল্লেখ্য যে শিশুসকলৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰা এই ৩০খন বিছনাযুক্ত আই চি ইউ ব্লকত ১৫খন আই চি ইউ বিছনা আৰু ১৫খন ষ্টেপডাউন বিছনাৰ সুবিধা আছে ৷ কেইবাকোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা আই চি ইউ ব্লকটোৱে হাস্পতালখনৰ দীৰ্ঘদিনীয়া অভাৱ দূৰ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে ৷ আনহাতে, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আই চি ইউৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি হাস্পতালখনত থকা ক’ভিড নিলগীকৰণ ৱাৰ্ডটোক ৩০খন বিছনাযুক্ত আই চি ইউ ব্লকলৈ ৰূপান্তৰ কৰা হৈছে ৷
২০২১-২২ বৰ্ষৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত প্ৰায় ৰ.৪৮ কোটি টকা ব্যয়েৰে ব্লকটো নিৰ্মাণ কৰি উলিওৱা হৈছে ৷ এই প্ৰকল্পৰ জৰিয়তে ভূমি ২ মহলাযুক্ত ৬টা আৱাসিক ভৱন নিৰ্মাণ কৰা হৈছে আৰু এনে প্ৰতিটো ভৱনতে চাৰিটাকৈ কোৱাৰ্টাৰৰ ব্যৱস্থা আছে৷ ভৱন উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আজিৰ এই পদক্ষেপৰ ফলত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আই চি ইউৰ সংখ্যা ১৭৫টালৈ বৃদ্ধি পালে ৷ ইমানসংখ্যক আই চি ইউ কিছুদিন পূৰ্বলৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতো নাছিল ৷ শোণিতপুৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া জিলাসমূহৰ ৰাইজৰ চিকিৎসাৰ ক্ষেত্ৰত ই যথেষ্ট সহায়ক হ’ব ৷ আনহাতে, চিকিৎসা মহাবিদ্যালয়খনত নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা ছাত্ৰাৱাস আৰু ছাত্ৰী নিৱাস দুটা ৩ মহলাযুক্ত কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ৷ সেইদৰে, হাস্পতালখনত এটা ছুপাৰ স্পেচিয়েলিটী ব্লক অথবা অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবেও জাইকাৰ সৈতে আলোচনা চলাই থকা হৈছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় ৷
Pls Comment & share