শিক্ষা বিভাগৰ পয়ালগা স্বৰূপ আকৌ ফাদিল হল প্ৰশ্ন কাকত
দশম শ্ৰেণীৰ ছয়মহীয়া পৰীক্ষাত ওলাল নৱম শ্ৰেণীৰ প্ৰশ্নকাকত। শিক্ষকে ছাত্ৰ-ছাত্ৰীক প্ৰশ্নকাকত দিয়াৰ পাছতে স্পষ্ট হৈ পৰিল যে দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকতৰ সলনি নৱম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত দিয়া হৈছে। এই ঘটনা তিনিখনকৈ বিদ্যালয়ত সংঘটিত হোৱাৰ পাছতো নীৰৱ গোৱালপাৰা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক। ইফালে পৰীক্ষাৰ দিনতো উপস্থিত নাই কাৰবালা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নুৰুল ইছলাম। অনুষ্ঠিত নহ'ল দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা। নিৰ্বিকাৰ গোৱালপাৰাৰ শিক্ষা বিভাগ। গুৰুত্ব দিয়া নাই বিদ্যালয়সমূহৰ পৰিদৰ্শকেও। আচলতে কি চলিছে ৰাজ্যৰ শিক্ষা বিভাগত ?
Pls Comment & share