স্মাৰ্ট পুলিচৰ দুৰৱস্থা মূখ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে : গাড়ীৰ সলনি থানালৈ e - Rickshowতে নিলে অভিযুক্তক।
মূখ্যমন্ত্ৰীৰ আসন গ্ৰহন কৰিয়েই আৰক্ষী বিভাগত সংস্কাৰ সাধন কৰিম বুলি ঘোষণা কৰিছিল ড° হিমন্ত বিশ্ব শৰ্মাই ৷ যাৰ বাবে আৰক্ষী বিভাগক প্ৰদান কৰিছিল ব্যপক স্বাধীনতা ৷ সেই সময়তে মূখ্যমন্ত্ৰীৰ সমষ্টিত দেখা গল স্মাৰ্ট পুলিচৰ আজৱ কাণ্ড ৷ এই দৃশ্য বস্ত্ৰ নগৰী শুৱালকুছি তথা মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ ৷
শুৱালকুছি মাজতোল অঞ্চলত এটি বেচৰকাৰী সংস্থাৰ অধীনত এটি গ্ৰুপে মানুহৰ ঘৰে ঘৰে চলাবলৈ আহিছিল সমীক্ষা। গ্ৰুপটোত আছিল মুঠ পাচ জন যুৱক যুৱতী। সমীক্ষা চলাই থকাৰ সময়তে স্থানীয় লোকে সমীক্ষা চলোৱা দলটিৰ ওপৰত সন্দেহ ওপজাত খৱৰ দিয়ে আৰক্ষীক। খৱৰ পোৱাৰ পিচতে ঘটনাস্থলীত উপস্থিত হয় শুৱালকুছিৰ আৰক্ষী।
আৰক্ষী উপস্থিত হৈ ৰাইজে আৰক্ষীক গটাই দিয়া সন্দেহজনক যুৱক যুৱতী কেইজনক আৰক্ষীৰ গাড়ীৰ সলনি থানালৈ নিলে ই - ৰিক্সাত ৷ আগে আগে ই-ৰিক্সাত সন্দেহজনক আচমী আৰু পিচে পিচে মটৰচাইকেলত শুৱালকুছি আৰক্ষীৰ দুজনকৈ লোক । যত নাই কোনো নিৰপত্তা। কিন্তু সততে সংস্কাৰৰ কথা কোৱা মূখ্যমন্ত্ৰীৰ নিজ সমষ্টিতে স্মাৰ্ট পুলিচৰ অ-স্মাৰ্ট কাণ্ডই সকলৰো চকু কপলাত তুলিছে।
Pls Comment & share