বিজেপিৰ ঘোষণা 'কা' প্ৰত্যাহাৰ নহয় ।
সমগ্ৰ ভাৰতবৰ্ষ ধৰি চলা আন্দোলনৰ পাছতো গৃহীত কৰিছিল জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন ৷ সেনা-জোৱান পুলিচৰ লাঠিৰ কোব, গুলীত প্ৰাণ গ’ল কেইবাজনো নিৰিষ যুৱকৰ ৷ হাজাৰ হাজাৰ জনতাৰ প্ৰতিবাদী কণ্ঠৰ পাছতো চৰকাৰে গৃহীত কৰিছিল এই আইনখন ৷ পুনৰ ‘কা’বিৰোধী সংগ্ৰামৰ উকমুকনিৰ সময়তে এজন কেন্দ্ৰীয় বিজেপি নেতাই কৰা এক মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দেশত ৷
কেন্দ্ৰীয় সংখ্যালঘু মন্ত্ৰী মুখতাৰ আাব্বাছ নাকবীয়ে ‘CAA’ বাতিলৰ কোনো সম্ভাৱনা নাই বুলি জানিবলৈ দিয়ে ৷ শুকুৰবাৰে মোদী চৰকাৰে তিনিখন বিতৰ্কীত কৃষি আইন বাতিলৰ কথা ঘোষণা কৰাৰ পাছতে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাক লৈ উঠা প্ৰশ্নত এই মন্তব্য কৰে কেন্দ্ৰীয় সংখ্যালঘু মন্ত্ৰী মুখতাৰ আাব্বাছ নাকবীয়ে
মুখতাৰ আাব্বাছ নাকবীয়ে কয় যে, “CAA’ৰ গইনা লৈ সংখ্যালঘু লোক সকলক লৈ ৰাজনীতি আৰম্ভ কৰিছে বিৰুধীয়ে ৷ এই আইনখন কোনো কাৰণতে বাতিল নহয়, কাৰণ ভাৰতীয় নাগৰিক সকলক এই আইনখনে একো ক্ষতি কৰা নাই৷”
Pls Comment & share