মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে একাংশ মুছলিম যুৱকে।
মৈৰাবাৰীত ভাৰত স্কাউড এণ্ড গাইডৰ মুখ্য কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী লাল বাহাদুৰ থাপাৰ আজি মৃত্য হয়। নিষ্ঠাবান,আৰু অতি সহজ সৰল ব্যক্তিত্বৰ গৰাকী থাপা ইমান দিনে আলহী হৈ আছিল মৈৰাবাৰী বয়োজ্যেষ্ঠ আশ্ৰমত।জীৱনৰ ৰং উদযাপন কৰা সময়তে লাল বাবাহাদুৰ'ৰ পত্নীয়ে মহাবহু ব্ৰহ্মপুত্ৰত জাপ দি আত্মহত্যা কৰিছিল । পত্নীৰ আত্মহত্যাৰ পিছতে মানসিক বাবে তেওঁ ভাগি পৰিছিল। আৰু তাৰ পিছতে তেওঁৰ নতুন ঠিকনা হৈ পৰিছিল মৈৰাবাৰী বয়োজ্যেষ্ঠ আশ্ৰম। আশ্ৰমত থকা প্ৰতি জন কৰ্মচাৰীৰে প্রিয় আছিল তেওঁ। আজি তেওঁৰ মৃত্যুৰ সময়ত আশ্ৰম খনত আহি পৰিছে সুখৰ ছাঁ। আশ্ৰম খনৰ প্ৰতিজন কৰ্মচাৰীয়ে চকু পানী ঢুকিলে তেওঁৰ মৃত্যুৰ খবৰ পাই। সম্পূৰ্ণ হিন্দু নীতি নিয়ম অনুসৰি একাংশ মুছলমান লোকে তেওঁৰ দেহকৃত সম্পন্ন কৰে মৈৰাবাৰী টাউন মৰিশালীত।
Pls Comment & share