মাত্ৰ চাৰি মাহতে চৰকাৰৰ ঋণ ৮,৪০০ কোটি বৃদ্ধি : যতে ততে কেবিনেট পাতি বিলাসিতাত ব্যস্ত চৰকাৰ।
সোণোৱাল চৰকাৰৰ নেতৃত্বত প্ৰথমটো কাৰ্যকাল বহু তিতা-কেঁহাৰ মাজেৰে অতিক্ৰম কৰাৰ পাছতো পুনৰ বিজেপি ৰাজ্যত শাসনলৈ আহিল । এইবাৰ চৰকাৰৰ মুৰব্বী ৰূপে অধীষ্ঠিত হ’ল হিমন্ত বিশ্ব শৰ্মা।
এইবাৰ চৰকাৰে কিছুমান নতুন পৰম্পৰা আৰম্ভ কৰিলে। তাৰ ভিতৰত অন্যতম হৈছে ৰাজ্যৰ বিভিন্ন ঠাইত কেবিনেট বৈঠক অনুষ্ঠিত কৰা । চৰকাৰৰ শেহতীয়া বঙাইগাঁও কেবিনেট বৈঠকৰ পাছতে তীব্ৰ চৰ্চা চলিছে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ লাহ-বিলাসক লৈ।
অতি আড়ম্বৰপূৰ্ণভাৱে আয়োজিত এই বৈঠকত কোনো বিশেষ সিদ্ধান্ত বা পদক্ষেপ লোৱাটোও কাৰো দৃষ্টিগোচৰ নহ’ল। বঙাইগাঁৱলৈ গৈ জনজাতিকৰণৰ দৰে অতি স্পৰ্শকাতৰ আৰু প্ৰয়োজনীয় বিষয় সন্দৰ্ভত একো কথা উত্থাপন নকৰিলে কেবিনেটে । তাৰ সলনি সাধাৰণ কিছুমান ঘোষণা কৰিয়েই এই আনু্ষ্ঠানিকতা সামৰিলে।
যিবোৰ ঘোষণাৰ বাবে ৰাজকোষৰ ইমানবোৰ ধন খৰচ কৰি আড়ম্বৰপূৰ্ণ আয়োজন কৰাৰ প্ৰয়োজনেই নাছিল বুলি বিভিন্ন মহলে মত প্ৰকাশ কৰিছে । কিন্তু ইলিচ মাছৰ পৰা পাঁচবিধ মাংসৰ ভোজ-ভাত আয়োজন কৰা কেবিনেট প্ৰতিনিধিসকলে বঙাইগাঁৱৰ জলন্ত সমস্যাবোৰৰৰ কথা ভাবিবলৈ এবাৰো সময় নাপালে। চছিয়েল মেডিয়াত এই কথাই চৰ্চা চলিছে।
একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে বিগত মাত্ৰ চাৰি মাহতে ৰাজ্যই ঋণ লৈছে ৮,৪০০কোটি টকা। অৰ্থাৎ ঋণৰ ওপৰত নিৰ্ভৰ কৰিয়েই ৰাজ্যৰ অৰ্থব্যৱস্থা চলি আছে। কিয়নো ইতিমধ্যেই ইন্ধনৰ দামৰ বোজাৰে জুৰুলা কৰি পেলোৱা হৈছে ৰাজ্যৰ জনসাধাৰণক। উন্নয়নো স্থবিৰ হৈ পৰা বুলি বহুতেই কৈ আহিছে। এতিয়া কেৱল হিতাধিকাৰীক সন্তুষ্ট কৰা আৰু চৰকাৰী কৰ্মচাৰীক দা-দৰমহা দিয়াতে চৰকাৰৰ কাম-কাজ সীমাবদ্ধ হৈ পৰিছে। এনে পৰিস্থিতিত ৰাজ্যৰ জনগণৰ কৰৰ ধন ব্যয় কৰি চৰকাৰে এনে বিলাসবহুত উৎসৱ আয়োজন কৰি থকাটো সাধাৰণভাৱে ল’বপৰা নাই সচেতন মহলে।
Pls Comment & share