বিধায়ক পদ ত্যাগ কৰিবলৈ সাজু অখিল গগৈ, পুনৰ আন্দোলনত নামিব অখিল গগৈ ।
কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ COURTত আজি উপস্থিত হয় শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷ বিধায়কগৰাকীৰ ওপৰত চলি থকা ১৩৫ টা গোচৰৰ ভিত্তিতে উপস্থিত হয় COURTত ৷ তেওঁ জানিবলৈ দিয়া মতে লোহিয়াৰ ভূমি দখলৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সময়তে বিভিন্ন সময়ত ৰুজু হৈছিল গোচৰসমূহ ৷
যোৱা ৭ বছৰ ধৰি চলি থকা গোচৰসমূহৰ বাবেই আজি উপস্থিত হোৱা বিধায়কগৰাকীয়ে ‘কা’বিৰোধী সংগ্ৰামখন পুনৰ চলাই যোৱাৰ ইংগিত দিয়ে ৷
উল্লেখ্য যে জাতিধ্বংসী CAA আইনখনৰ বিৰুদ্ধে দিয়া যুঁজখন জাতীয় সংগঠনৰ নেতৃত্ব দুৰ্বল হোৱা বাবেই স্তবিৰহৈ পৰিছিল বুলি অখিল গগৈয়ে মত মন্তব্য কৰে ৷ তেঁও আৰু কয় যে, “ৰাজপথৰ আন্দোলন গৈ খেলপথাৰত আবদ্ধ হ’লগৈ ৷ আন্দোলনৰ নামত নৃত্য - গান হ’ল ৷” লগতে তেঁও আন্দোলন কৰি বিধায়ক নিৰ্বাচিত হোৱা বুলি উঠা প্ৰশ্নৰ সন্দৰ্ভত কয়, “মোৰ জীৱন আন্দোলনৰ নামতেই উছৰ্গিত কৰিছো ৷ আন্দোলনৰ বাবে বিধায়ক পদ ত্যাগ কৰিবলৈও সাজু মই ৷”
Pls Comment & share