মাছৰ গাড়ীৰ পৰা ধন দাবী কৰি দুই আছুৰ নেতা গ্ৰেপ্তাৰ ।
আছু নেতাৰ ধন দাবী কৰা ঘটনা কোনো নতুন কথা নহয় ৷ ব্যৱসায়িক প্ৰতিষ্ঠানত উপস্থিত হৈ আছু নেতাই ডাবি-ধমকিৰে ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ সততে উত্থাপিত হৈ থকাৰ সময়তে নামৰূপত সংঘটিত হৈছে আন এক লজ্জাজনক ঘটনা । মাছ কঢ়িওৱা গাড়ীৰ পৰা ধন দাবী কৰি ৰঙাঘৰৰ আলহী হব লগা হল নামৰূপ আছুৰ দুই ছাত্ৰ নেতা ৷
অভিযোগ অনুসৰি, নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সত্যপ্ৰতিম ৰাজপুত আৰু উপদেষ্টা তথা ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক মানসজ্যোতি চাংমায়ে দেওবাৰে চৰাইদেও জিলাৰ বৰহাটৰ পৰা নামৰূপলৈ বুলি মাছ কঢ়িয়াই অনা এখন বাহনৰ পৰা ৩০ হাজাৰ টকা দাবী কৰে৷ এই ৩০ হাজাৰ টকা মাছৰ গাড়ীখনে দিবলৈ অসন্মতি প্ৰকাশ কৰাত পুৱা ১০ বজাৰ পৰা বিয়লি ৩ বজালৈকে নামৰূপ আছুৰ কাৰ্যালয়ৰ সন্মুখত মাছৰ গাড়ীখন আবদ্ধ কৰে দুই ছাত্ৰ নেতাই৷ ইফালে, বহু সময় ধৰি মাছৰ গাড়ীখন আবদ্ধ কৰি ৰখাৰ ফলত গাড়ীত থকা মাছসমূহ গেলিবলৈ ধৰাত উপায়হীন হৈ মাছ ব্যৱসায়ী জনৈক চেত্ৰীয়ে নামৰূপ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে ৷ ইতিমধ্যে এই গোচৰৰ ভিত্তিত নামৰূপ আৰক্ষীয়ে ৰুজু কৰা ভাৰতীয় দণ্ডবিধিৰ ১৪৩য৩৪১য৩৪২য৩৮৬ ধাৰাৰ অধীনত ১৫৩য২১ নম্বৰৰ গোচৰত নামৰূপ আছুৰ ভাৰপ্ৰাপ্ত সভাপতি সত্যপ্ৰতিম ৰাজপুত আৰু উপদেষ্টা তথা জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক মানসজ্যোতি চাংমাইক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা
Pls Comment & share