ৰাজ্যৰ যুৱক-যুৱতীসকলৰ আলফা স্বাধীনত যোগদান কৰাক লৈ বৃদ্ধি পোৱা প্ৰৱণতা উদ্বেগৰ বিষয় হিচাপে চৰ্চিত হৈছে । অলপতে ৰাজ্যৰ ৫গৰাকী যুৱতীয়ে আলফাত যোগদান কৰাৰ খবৰে সকলোকে হতভম্ব কৰি পেলাইছিলে ৷ এনেতে টংলাৰ এজন উদয়ীমান যুৱকৰ আলফা স্বাধীনত যোগদান কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক লগ কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল টংলাৰ বিকাশ ডেকা নামৰ যুৱকজন ৷
তাৰপাছতে যুৱকজন অসম ৰাইফলচৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বিগত মঙলবাৰৰ পৰা নিখোজ হৈ আছিল বিকাশ ডেকা ৷ বিকাশৰ ঘৰ টংলাৰ জলাহ গাঁৱত । জানিব পৰা মতে, আলফা স্বাধীনত যোগদান কৰিবলৈ গৈ নাগালেণ্ডৰ মন’ জিলাত গ্ৰেপ্তাৰ হৈছিল তিনিজন যুৱক ।
তাৰে মাজৰে এজন বিকাশ বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে, সৰুৰে পৰা সংগীতৰ চৰ্চা কৰি অহা বিকাশ ডেকাই নাট্য কৰ্মী পবিত্ৰ ৰাভাৰʼ আমাৰ গাঁৱতʼ জুবিন গাৰ্গক লগ পাইছিল। আৰু পৰিয়ালৰ লোকে জনোৱা মতে, মাজে মাজে জুবিন গাৰ্গক লগ কৰিবলৈকো গৈছিল বিকাশ। আনহাতে বিগত এবছৰ ধৰি গুৱাহাটীৰ এটা ব্যক্তিগত খণ্ডৰ কোম্পানীত কৰ্মৰত হৈ আছিল তেওঁ আৰু সেইদিনাও জুবিন গাৰ্গক লগ ধৰিবলৈ যাম বুলি ঘৰত মিছা কথা কৈ আলফা স্বাধীনত যোগদান কৰিবলৈ গৈছিল। ফলত অসম ৰাইফলছৰ হাতত গ্ৰেপ্তাৰ হয় যুৱকজন ৷
Pls Comment & share