মৰিগাঁৱত পৰীক্ষাৰ অনুষ্ঠিত হোৱাৰ এদিন পূৰ্বেই মোবাইলে মোবাইলে নৱম-দশম শ্ৰেণীৰ প্ৰশ্ন কাকত ফাদিল।
পৰীক্ষা দিবলৈ আহি লাহৰীঘাট, মৈৰাবাৰীত ছাত্র-ছাত্রী সকলে যাব লগা হৈছে ঘৰলৈ উভতি। ছাত্ৰ ছাত্ৰীৰ সকলৰ মাজত উত্তেজনাময় পৰিৱেশ। ৰাজ্যৰ শিক্ষা বিভাগৰ চৰম গাফিলতিৰ বাবে অস্বস্তিত পৰিছে পৰীক্ষাৰ্থীসকল। জানিব পৰা মতে আজি নৱম-দশম শ্ৰেণীৰ সমাজবিজ্ঞানৰ পৰীক্ষা আছিল । পৰীক্ষাৰ পূৰ্বেই ফাদিল হোৱা প্ৰশ্নকাকতক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ মৰিগাঁও জিলাত । সম্প্ৰতি জিলা শিক্ষা বিভাগে এক নিৰ্দেশনাৰ জৰিয়তে পৰীক্ষা বাতিল কৰিছে । মৰিগাও জিলাত এনেদৰে প্ৰশ্ন কাকত ফাদিল হোৱা কাণ্ডই পৰীক্ষাৰ্থীসকলৰ জীৱনলৈ কঢ়িয়াই আনিছে অশুভ সংকেত ।
Pls Comment & share