চিকিৎসকৰ ভুলৰ ভয়ংকৰ পৰিণতি : চাৰিদিনিয়া দেৱ শিশুৰ মৃত্যু।
বিলাসীপাৰাত এটি নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ যোৱাকালি বিয়লিৰ ভাগত সংঘটিত হোৱা এই ঘটনাৰ পাছত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
বিলাসীপাৰা চহৰৰ ৩ নম্বৰ ৱাৰ্ডস্থিত নয়নতাৰা হোমিও’ চিকিৎসালয়ত মৃত্যু হয় দেৱ শিশুটিৰ। বিলাসীপাৰা চহৰৰ আশ্ৰাফুল হকৰ চাৰি দিনীয়া পুত্ৰ সন্তানটি কান্দি থকাৰ বাবে বিয়লি চিকিৎসালয় খনত চিকিৎসাৰ বাবে লৈ যায়।
চিকিৎসক B.C SARKARৰে নৱজাতক শিশুটিক চাৰি ফোটা ঔষধ সেৱন কৰাই ঘৰলৈ নিয়াৰ পৰামৰ্শ দিয়ে। ঘৰলৈ নিয়াৰ পথত শিশুটি সম্পূৰ্ণ ৰূপে কলা হৈ পৰে আৰু পাছত শিশুটিক পুনৰ চিকিৎসালয়খনলৈ নিয়ে যদিও শিশুটিৰ মৃত্যু হয়।
ইয়াকে লৈ স্থানীয় ৰাইজ উত্তপ্ত হৈ চিকিৎসালয়খনৰ আচবাব পত্ৰ লণ্ডভণ্ড কৰে।
পৰৱৰ্তী সময়ত ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষী আৰু চি আৰ পি এফৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
ঘটনা সন্দৰ্ভত মৃত শিশুটিৰ পৰিয়ালে চিকিৎসক বিকাশ চন্দ্ৰ সৰকাৰৰ বিৰুদ্ধে বিলাসীপাৰা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে।
Pls Comment & share