প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই কিশোৰীক গণধৰ্ষণ,নাৱালিকা কিশোৰীক প্ৰেমৰ প্ৰস্তাৱ লম্পট যুৱকৰ।লাজ, ভয়, অপমান সহ্য কৰিব নোৱাৰি কিশোৰীৰ আত্মহত্যা ।
ধিং, ৮ নৱেম্বৰ : প্ৰধানমন্ত্ৰী মোদীয়ে নাৰী সুৰক্ষাৰ ক্ষেত্ৰত " বেটি বচাও বেটি পঢ়াও " যি শ্লোগান আছিল সেয়া প্ৰকৃততে কিমান সফল হৈছে ! বিজেপি চৰকাৰৰ কাৰ্যকালত কিমান সুৰক্ষিত নাৰী সমাজ ?
কিমান সুৰক্ষিত যুৱতী-কিশোৰী সেই কথা নতুনকৈ কোৱাৰ হয়তো প্ৰয়োজন নাই। এফালে প্ৰধানমন্ত্ৰীৰ "বেটি বচাও বেটি পঢ়াও" শ্লোগান আনফালে এইখন অসমতেই দৈনিক সংঘটিত হৈ আহিছে এটাৰ পাছত আনটো জঘন্য কাণ্ড। এইবাৰ নগাঁও জিলাৰ ধিঙৰ ভেৰভেৰী গাঁৱত সংঘটিত হৈছে এনে এক চাঞ্চ্যলকৰ ঘটনা।
ভেৰভেৰী গাঁৱৰ আলিম উদ্দিনৰ নাৱালিকা কন্যা সন্তান অজিফা মোল্লা তথা ধিং খ্ৰীষ্ট জ্যাতি স্কুলৰ অষ্টম মান শ্ৰেণীৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে আত্মহত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হৈছে। কিন্তু কিয় এগৰাকী কিশোৰীয়ে হঠাৎ আত্মহত্যাৰ দৰে কঠোৰ সিদ্ধান্ত বাচি লবলগীয়ি হল জানেনে ?
পৰিয়ালৰ লোকৰ অভিযোগ মতে, কিশোৰী গৰাকীক কেইদিনমানৰ পূৰ্বে গাঁৱৰে লম্পট যুৱক নাজিমুল হকে দিছিল প্ৰেমৰ প্ৰস্তাৱ। কিন্তু এই লম্পট যুৱকৰ এনে প্ৰস্তাৱ বাৰে বাৰে নাকচ কৰিছিল কিশোৰী গৰাকীয়ে ।
প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই লম্পট যুৱক জনে কিশোৰী গৰাকীক হত্যাৰ ভাবুকিৰ লগতে গণধৰ্ষণ কৰাৰো দিছিল ভাবুকি। লম্পট নাজিমুলৰ এনে মানসিক অত্যাচাৰ তথা লাজ ভয় অপমান সহ্য কৰিব নোৱাৰি বিষপাণ কৰি আত্মহত্যাৰ চেষ্টা চলাই কিশোৰী গৰাকীয়ে।
এই ঘটনাৰ পাচতেই সংকটজনক অৱস্থাত কিশোৰী গৰাকীক নগাঁও চিভিল হস্পিতালত ভৰ্তি কৰাই আৰু তাৰ পিছত জি এম চি এইচত লৈ যায়। কিন্তু অৱশেষত যোৱাকালি সন্ধিয়া জি এম চি এইচতে কিশোৰী গৰাকীৰ মৃত্যু ঘটে।
কিশোৰী গৰাকীৰ মৃত্যুৰ পিছতেই সমগ্ৰ ধিং অঞ্চলত তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হৈছে। ইতিমধ্যে কিশোৰী গৰাকীৰ পিতৃয়ে লম্পট নাজিমুলৰ বিৰুদ্ধে থানাত এজাহাৰো দাখিল কৰিছে।
কিশোৰী গৰাকী পঢ়ি থকা বিদ্যালয়খনৰ কৰ্তৃপক্ষই বিচাৰিছে যাতে এনে ঘটনা পুনৰাবৃত্তি নহওক। কিশোৰী গৰাকীৰ মৃত্যুত বিদ্যালয় কৰ্তৃপক্ষৰ লগতে বিভিন্ন দল সংঘঠনে শোক প্ৰকাশ কৰাৰ সমান্তৰাল ভাবে দোষীক কঠোৰ শাস্তি দিবলৈ আহব্বান জনাইছে।
Pls Comment & share