মন্ত্ৰী কেশৱ মহন্তৰ হঠাৎ নলবাৰী মেডিকেল নিৰ্মাণ কাৰ্য্যৰ পৰিদৰ্শন ।
নলবাৰী মেডিকেল কলেজৰ নিৰ্মীয়মাণ কাৰ্য্যত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত যোৱাকালি আকস্মিকভাৱে পৰিদৰ্শন কৰি মেডিকেল কলেজখনৰ নিৰ্মাণকাৰী সংস্থাৰ বিষয়ববীয়াৰ লগত এক বৈঠকত মিলিত হৈ কামৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে যে, নলবাৰী মেডিকেল কলেজৰ ২০২২ চনৰ প্ৰথমভাগত বহিঃবিভাগৰ কাম আৰম্ভ হ’ব। মন্ত্ৰীগৰাকীয়ে নিৰ্মাণ কাৰ্য বৰ্তমান অগ্ৰগতি ৭০ শতাংশ হোৱা বুলি উল্লেখ কৰাৰ লগতে মেডিকেল কলেজৰ বহিঃবিভাগৰ কাম আৰম্ভনি হোৱাৰ ৬ মাহ আগত নিয়ুক্তি প্ৰক্ৰিয়া আৰম্ভ হব বুলি সদৰী কৰে । লগতে মন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে, উক্ত মেডিকেল কলেজত এতিয়ালৈ কোনো নিয়ুক্তি দিয়া হোৱা নাই আৰু ভৱিষ্যতে কোনো ধৰণৰ কেজুৱেল নিয়ুক্তি দিয়া নহয়। লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, বৰ্তমানে অসমত নিৰ্মাণ হৈ থকা চাৰিখনকৈ মেডিকেল কলেজৰ নিৰ্মাণ কাম ক্ষীপ্ৰ গতিত অব্যাহত আছে । মন্ত্ৰী কেশৱ মহন্তৰ এই পৰিদৰ্শন কালত সংগ দিয়ে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্ত মল্ল বৰুৱা, নলবাৰী জিলা উপায়ুক্তই।
Pls Comment & share