কেবিনেট বৈঠকে ল'লে সিদ্বান্ত, ... অসমৰ শিক্ষা ব্যৱস্থাত হ’ব আমূল পৰিৱৰ্তন, কি কি পৰিৱৰ্তনৰ সিদ্ধান্ত ল’লে কেবিনেট বৈঠকে ?
অসমৰ শিক্ষা ব্যৱস্থাত যথেষ্ঠ পৰিৱৰ্তন সাধনৰ দিশে গৈ আছে । দেশৰ নতুন শিক্ষা নীতিৰ আধাৰত অসমত শিক্ষা ব্যৱস্থাৰ এই আমূল পৰিৱৰ্তন সাধন কৰা হ’ব । বুধবাৰে বঙাইগাঁৱত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
বঙাইগাঁও কেবিনেট বৈঠকত চলিত চৰকাৰৰ কাৰ্যকালত দিছপুৰৰ বাহিৰত অনুষ্ঠিত হোৱা দ্বিতীয়খন কেবিনেট বৈঠক। এই বৈঠকত ৰাজ্য চৰকাৰে মুঠ ১৪ টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্য মন্ত্ৰী নিজেই সংবাদমেল যোগে এই সিদ্ধান্তসমূহ সদৰি কৰিছে । ইয়াৰে ভিতৰত অন্যতম শিক্ষা ব্যৱস্থাৰ আমূল পৰিবৰ্তনৰ সিদ্ধান্ত ।
বৈঠকৰ সিদ্ধান্ত অনুসৰি অসমৰ স্কুলীয়া শিক্ষা 5+3+3+4 পদ্ধতি মতে হ’ব। এই ব্যৱস্থাত বৰ্তমানৰ প্ৰাক-প্ৰাথমিকৰ শ্ৰেণী " আপাৰ কেজি, লৱাৰ কেজি, নাৰ্চাৰী," প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীক একেলগ কৰা হ’ব। এই স্তৰৰ নাম সলনি কৰি ‘FOUNDATION’ বা ‘বুনিয়াদী বিদ্যালয়’ কৰা হ’ব। অৰ্থাৎ দ্বিতীয় শ্ৰেণীটো নতুন পদ্ধতিমতে হ’ব পঞ্চম বৰ্ষ।
তৃতীয়, চতুৰ্থ, পঞ্চম শ্ৰেণীৰ ৩ বছৰৰ সময়খিনিক কোৱা হ’ব ‘প্ৰিপাৰটৰি’ বা ‘প্ৰস্তুতি পৰ্ব’। এই শ্ৰেণীকেইটা নতুন ব্যৱস্থা মতে হ’ব ষষ্ঠ, সপ্তম আৰু অষ্টম বৰ্ষ। পঞ্চম শ্ৰেণীৰ বৰ্তমানৰ পাঠ্যক্ৰম পৰিবৰ্তনৰ সিদ্ধান্ত কেবিনেটত লৈছে।
বৰ্তমানৰ ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ ৩ বছৰক ‘মধ্যম বৰ্গ’ হিচাপে শ্ৰেণী বিভাজন কৰা হ’ব। নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ৪ বছৰক উচ্চতৰ মাধ্যমিক বা চিনিয়ৰ চেকেণ্ডাৰী হিচাপে শ্ৰেণী বিভাগ কৰা হ’ব।
ইয়াৰোপৰি কেবিনেট বৈঠকতে সত্ৰৰ মাটি বেদখলৰ সঠিক ৰূপটো জনাৰ উদ্দেশ্যে আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিয়ে । এই কমিটিখনৰ কাৰ্য্যকাল এবছৰৰ বাবে হ’ব। এই এবছৰৰ বাবে বিধায়ক প্ৰদীপ হাজৰিকাক কেবিনেট মৰ্যাদা প্ৰদান কৰা হৈছে । কমিটি খনৰ আন দুগৰাকী সদস্য ক্ৰমে খুমটাইৰ বিধায়ক মৃণাল শইকীয়া আৰু নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা । তেওঁলোক দুয়োগৰাকীক কেবিনেটে ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা প্ৰদানৰ সিদ্ধান্ত লোৱা হয় ।
কেবিনেটে অহা জানুৱাৰী মাহৰ ৬ আৰু ৭ তাৰিখটোত চৰকাৰী কৰ্মচাৰীৰ বাবে অতিৰিক্ত চুটি ঘোষণা কৰে। ৬ আৰু ৭ জানুৱাৰী ক্ৰমে বৃহস্পতিবাৰ আৰু শুকুৰবাৰ, তাৰ পৰৱৰ্তী শনিবাৰ আৰু দেওবাৰ মিলি মুঠ চাৰিদিনৰ বাবে কৰ্মচাৰীসকলক পিতৃ-মাতৃ বা শাহু-শহুৰৰ লগত থাকিবলৈ এই চুটি প্ৰদান কৰা হৈছে। চতুৰ্থ বৰ্গৰ পৰা মন্ত্ৰী পৰ্যন্ত সকলোৱে এই চুটি লাভ কৰিব। কিন্তু যিসকলৰ পিতৃ-মাতৃ বা শাহু-শহুৰ নাই তেওঁলোকে এই চুটি নাপাব
আজিৰ কেবিনেটে ৰাজ্যত এটা যুৱ আয়োগ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে । এই আয়োগে নিয়োগ তথা চিকিৎসা বিজ্ঞান আৰু অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ বাচনি পৰীক্ষাৰ বাবে কচিং প্ৰদানৰ ব্যৱস্থা কৰিব ।
অসমৰ বিদেশী বহিষ্কৰণৰ আন্দোলনৰ শ্বহীদ তথা নিৰ্যাতিত লোক সকলৰ কল্যাণৰ বাবে আজিৰ কেবিনেটে এটা ন্যাস গঠনৰ সিদ্ধান্ত লোৱা হয়। ন্যাসৰ নাম Trust for Welfare for Victim of Assam Agitation and Their Family হ’ব বুলি মুখ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।
‘অৰিজিনেল ইনহেবিটেন্ট’ বা প্ৰকৃত বাসিন্দাই চহৰত মাটি কিনাৰ বাবে ১০ বছৰ বাস কৰাৰ পাছত আবেদন কৰিবলৈ যোগ্য বিবেচিত হ’ব বুলি আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে । পূৰ্বতে এই সময়সীমা আছিল ২০ বছৰ ।
অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা ২৫ লাখ টকাৰ ওপৰৰ ক্ৰয়-বিক্ৰয়ৰ সকলো নিবিদা অনলাইনযোগে হ’ব লাগিব। অৱশ্যে জনজাতীয় পৰিষদ সমূহক এই ব্যৱস্থাৰ পৰা বাদ দিয়া হৈছে।
বঙাইগাঁৱত অনুষ্ঠিত হোৱা এই বৈঠকতে চৰকাৰে পেট্ৰ’ল, ডিজেলৰ দাম ইতিমধ্যে হ্ৰাস কৰাৰ বিষয়টোত অনুমোদন জনায়।
এই বৈঠকত ‘হেল্থ এ’ চিকিৎসকসকলৰ স্নাতকোত্তৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আসনৰ সংখ্যা ৪০ খনলৈ বৃদ্ধিৰ সিদ্ধান্ত লয়। পূৰ্বতে এই আসনৰ সংখ্যা আছিল ২৩ খন।
কেবিনেটৰ আজিৰ বৈঠকৰ আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ’ল, এতিয়াৰে পৰা অসম লোকসেৱা আয়োগৰ প্ৰতিযোগীতামূলক পৰীক্ষাত ভাষাৰ কাকত নাথাকে। কিন্তু অসম আসমৰিক সেৱা আৰু অসম আৰক্ষী সেৱাৰ প্ৰাৰ্থীসকল অসমৰ বাসিন্দা হোৱাটো বাধ্যতামূলক হ’ব অথবা প্ৰাৰ্থীগৰাকীয়ে অসমীয়া বা সহযোগী ভাষা বা অসমৰ যিকোনো এটা জনজাতীয় ভাষা সকলসলীয়াকৈ ক’ব পৰা হ’ব লাগিব ।
অসম মালা আঁচনিৰ অধীনত আৱন্টন হোৱা মাটিৰ ক্ষেত্ৰত এতিয়াৰে পৰা মাটিখিনি কাৰোবাৰ দখলত থাকিলে পট্টা নাথাকিলেও তাৰ বিনিময়ত দখলভোগী লোকক ক্ষতিপূৰণ দিয়া হ’ব বুলি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে ।
অসমৰ কামাণ্ডো বেটেলিয়নৰ নিয়োগ নীতি সলনি কৰাৰ বাবেও কেবিনেটে আজি সিদ্ধান্ত লয়। কামাণ্ডো বেটেলিয়নৰ বাবে বয়সৰ সীমা এতিয়াৰে পৰা ১৮ ৰ পৰা ২১ বছৰ হ’ব।
অসমৰ ভিতৰত চলাচল কৰা বিমানৰ যাত্ৰীসকলক সকাহ দিয়াৰ উদ্দেশ্যে আজিৰ কেবিনেটে সিদ্ধান্ত লৈছে। তাৰ বাবে ‘এভিয়েশ্যন টাৰবাইন ফুৱেল’ৰ ভেট ১ শতাংশলৈ হ্ৰাস কৰাৰ বাবে কেবিনেটে সিদ্ধান্ত লৈছে।
Pls Comment & share