আঠলাখ টকীয়া ব্যঞ্জনেৰে । আকৌ গুৱাহাটীৰ বাহিৰত কেবিনেট ।
কাইলৈ বঙাইগাঁৱত অনুষ্ঠিত হ’ব বিজেপি চৰকাৰৰ কেবিনেট বৈঠক ৷ কেবিনেট বৈঠকক লৈ জিলা প্ৰশাসনৰ প্ৰস্তুতি প্ৰায় পূৰ্ণ গতিত চলিছে ৷ এই বৈঠকত বঙাইগাঁৱৰ উন্নয়নৰ বাবে আঁচনি ঘোষণাৰ সম্ভাৱনা থকাৰ লগতে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ’ব ৷ লগতে উদ্বোধন কৰা হ’ব উৰণীয়া সেতুৰ ক্ল’ক টাৱাৰ৷ কেবিনেট বৈঠকত খোৱাৰ নামত ব্যয় কৰিব ৮ লাখ টকা৷ মঙলবাৰে ১০০ জন লোকৰ বাবে কেৱল নিৰামিষ আহাৰ, বুধবাৰে ৩০০ জনৰ বাবে আমিষ আহাৰ যোগাৰ কৰা হৈছে৷ ইয়াৰ ভিতৰত ৭ বিধ মাছৰ ব্যঞ্জন। ইলিছ, আৰি, মাগুৰ, ৰৌ, পাভ, ভেটকী, দৰিকণা আৰু শʼল। ইলিছ , পাভ আৰু ভেটকী কলকতাৰ পৰা আনিছে। মূলা দি শʼল মাছৰ জোল। পাতত দিব দৰিকণা।
মাংসৰ ৪ বিধ ব্যঞ্জন। কুকুৰা, হাঁহ, ছাগলী আৰু গাহৰি। কোচ ৰাজবংশীৰ থলুৱা আহাৰ পৰিৱেশন কৰিব। লগতে ৭ বিধ শাকৰো বিবিধ ব্যঞ্জন থাকিব। এইসমূহ ৰন্ধা মেলা হ’ব আৱৰ্ত ভৱনৰ চৌহদতে।
মুখ্যমন্ত্ৰীকে ধৰি সকলোৰে খোৱাৰ বাবে বঙাইগাঁও ৰাজহুৱা খেল পথাৰৰ ব্যৱস্থা কৰা হৈছে। সকলো ধৰণৰ সুৰক্ষা কৰ্মীৰ বাবে আই টি আই খেল পথাৰত খোৱা লোৱাৰ ব্যৱস্থা। ৪০০ শ সুৰক্ষা কৰ্মীৰ থকাৰ ব্যৱস্থাও আই টি আই চৌহদতে ।
মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী আৰু মুখ্য সচিব থাকিব বঙাইগাঁও আৱৰ্ত ভৱনত। অন্যান্য বিষয়াসকলৰ বাবে অভয়াপুৰী আৱৰ্ত ভৱন, পুৰণি উপায়ুক্ত বাসভৱন, বি আই পি এল গেষ্ট হাউচত থাকিব। ইয়াৰ উপৰি বঙাইগাঁও গাঁৱ আৰু অভয়াপুৰীৰ বহু কেইখন হোটেলত ।
Pls Comment & share