শিক্ষা বৃত্তিক কালিমা এগৰাকী শিক্ষকৰ, পৰ্ণ ছবি চাই পাইছানে - দ্বাদশ শ্ৰেণীৰ ছাত্ৰীলৈ মেছেজ প্ৰৱক্তাৰ।
গুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কত যৌনতাৰ প্ৰৱেশ কৰোৱাৰ অপচেষ্ঠা শিক্ষকৰ। ইংৰাজী বিভাগৰ প্ৰবক্তা আফ্তাফিজুৰ ৰহমানৰ বিৰুদ্ধে এগাৰকী ছাত্ৰীৰ অভিযোগ। যাৰ পিছতে প্ৰৱক্তাৰ বিৰুদ্ধে প্ৰতিবাদ মহাবিদ্যালয়খনৰ সকলো ছাত্ৰ-ছাত্ৰীৰ।
ছাত্ৰীক যৌনগন্ধী মেছেজ দিয়াৰ অভিযোগ প্ৰবক্তা জনৰ বিৰুদ্ধে। কেৱল মেছেজ দিয়াই নহয়, ছাত্ৰীক ১ দিনৰ বাবে ডিচেম্বৰ মাহত ফুৰিবলৈ লৈ যোৱাৰ প্ৰস্তাৱ। লগতে পৰ্ণ চাই পাইছানে বুলি প্ৰবক্তাৰ মেছেজ ছাত্ৰীলৈ।
মেছেজ কৰা ফটো প্ৰমাণ সহকাৰে দাঙি ধৰে ছাত্ৰীগৰাকীয়ে। সাহসী ছাত্ৰী গৰাকীয়ে
এই সন্দৰ্ভত সহপ্ৰাৰ্থী সকলক অৱগত কৰাৰ পিছতেই উত্তাল হৈ পৰে মহাবিদ্যালয়ৰ চৌহদ।
ইফালে এই সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে ভূক্তভোগী ছাত্ৰী গৰাকীয়ে। এই সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষই উচিত বিচাৰ কৰাৰ আশ্বাস প্ৰদান কৰিছে যদিও ছাত্ৰ ছাত্ৰী সকলে শ্ৰেণী বৰ্জন কৰি মহাবিদ্যালয় চৌহদতে অৱস্থান গ্ৰহন কৰিছে।
Pls Comment & share