২২ নৱেম্বৰ : ভগৱান শ্ৰীকৃষ্ণৰ পবিত্ৰ ৰাসত পুনৰ অশ্লীল নৃত্য৷ একাংশ ল'ৰাই অশ্লীলতাৰ চৰম সীমা অতিক্রম কৰিলে ল'ৰা ৰাসত। এই সকল উশৃঙ্খল যুৱকে ছুটি ছুটি কাপোৰ পিন্ধি তেওঁলোকৰ জংঘা আৰু ঊৰু প্ৰদৰ্শন কৰি হাতত মোবাইল লৈ ৰাস ক্ৰীড়া কৰিলে অগণন দৰ্শকৰ সমুখত।
ভগৱান শ্রীকৃষ্ণৰ পবিত্ৰ ৰাসলীলাত কৰা এনে লজ্জাজনক কাণ্ডত লজ্জিত ৰাজ্যবাসী। এই ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ হাবি বৰঙাবাৰীত। পৱিত্র ধৰ্মীয় আৰু আধ্যাত্মিক অনুষ্ঠানত এনে ঘৃণনীয় কৰ্মকাণ্ডই যুৱ মানসিকতা কিমান অৱনমিত হৈছে সেয়া স্পষ্ট ৰূপত ধৰা পৰিছে। অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মানৱ জাতিৰ কল্যাণৰ হকে অসমত আৰাম্ভ কৰিছিল ভগৱান শ্রীকৃষ্ণৰ পৱিত্র ৰাসলীলা।
Pls Comment & share