নগাঁও জিলাৰ ধূপগুৰিত গঞা ৰাইজৰ তীব্ৰ প্ৰতিবাদ। চাইবাৰ অপৰাধীক উৎখাত কৰাত ব্যৰ্থ ধিং আৰক্ষী ।
ধিং, ৯ নৱেম্বৰ : নগাঁও জিলাৰ ধুপগুৰী পথাৰ গাৱঁত চাইবাৰ ক্ৰাইমৰ লগত জড়িত এটি অপৰাধী চক্ৰক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগত আজি ধিং আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে গাওঁখনৰ সমূহ ৰাইজে।
বিগত এমাহ ধৰি ধিং আৰক্ষী নিৱেশলৈ তাঁতবাটি কাটি ঘূৰি ঘূৰি উপায়ন্তৰহৈ অৱশেষত গঞা ৰাইজে অপৰাধী চক্ৰটোৰ লগতে ধিং আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈয়।
এই ঘটনা সংঘটিত হৈছে ধূপগুৰি পথাৰ গাঁৱত। ধূপগুৰি পথাৰ গাঁৱৰ নাজিমুল হকে তেওঁৰেই আত্মীয় জাকিৰ হুছেইন আৰু মাজহাৰুল ইছলামৰ লগত মিলি শ্ৰমিকৰ পৰিচয় পত্ৰ বনাই দিয়াৰ নামত শ শ পুৰুষ-মহিলাৰ পৰা সংগ্ৰহ কৰিছিল পান কাৰ্ড, আধাৰ কাৰ্ডৰ লগতে প্ৰয়োজনীয় নথি পত্ৰ।
অপৰাধী চক্ৰটোয়ে অতি কৌশলেৰে সংগৃহীত নথিৰে অনলাইন যোগে ঋণ লৈ লাখ লাখ টকা লুণ্ঠন চলোৱাৰ লগতে গঞা ৰাইজক বিপথে পৰিচালিত কৰিছে। পিছত এই ভুক্তভোগী ৰাইজে নিজৰ নিজৰ পান কাৰ্ডৰ চিবিল পৰীক্ষা কৰোতে দুষ্ট চক্ৰটোৰ এই দুষ্কৰ্মৰ বিষয়ে জানিব পাৰে ৷
ঘটনা সন্দৰ্ভত ভূক্তভোগী ৰাইজে ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীৰ সোপাঢিলা কাৰ্যৰ বাবে আজিও মুকলি আকাশৰ তলত বুকু ফিন্দাই ঘূৰি ফুৰিছে এই অপৰাধী চক্ৰটো।
আজি ধূপগুৰি পথাৰ গাঁৱত ভূক্তভোগী শ শ পুৰুষ-মহিলাই একত্ৰিত হৈ বিভিন্ন শ্লগান দি প্ৰতিবাদ সাব্যস্ত কৰি সংবাদ মাধ্যমৰ জৰিয়তে চাইবাৰ ক্ৰাইমত জড়িত অপৰাধী চক্ৰটোৰ বিৰুদ্ধে নগাঁও জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই।
উল্লেখ যোগ্য যে, অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে চাইবাৰ অপৰাধ ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে বাৰে বাৰে বিভিন্ন সংবাদ মেলত উল্লেখ কৰি আহিছে যদিও আজি পৰ্যন্ত ধিং অঞ্চলত পিয়াপি দি ফুৰা চাইবাৰ অপৰাধৰ লগত জড়িত এই অপৰাধী চক্ৰটোক আৰক্ষীয়ে ধৰিব নোৱাৰাতো অতি লজ্জাজনক বিষয় বুলি সচেতন মহলে মতপোষণ কৰিছে৷
Photo - Jakir Hussain,Majaharul Islam & Najimul Haque
Pls Comment & share