2022ৰ পৌৰ নিৰ্বাচনত মিত্ৰজোটৰ মাজত নাথাকিব কোনো মিত্ৰতা । পৌৰসভা আৰু নগৰ সমিতিসমূহৰ নিৰ্বাচন ফেব্ৰুৱাৰীত ৰাজ্যত অনুষ্ঠিত হ’ব ।
দিছপুৰত মিত্ৰজোঁটৰ চৰকাৰে থাকিলেও আগন্তুক পৌৰ নিৰ্বাচনত নাথাকিব কোনো মিত্ৰতা । সুকীয়া সুকীয়াকৈহে নিৰ্বাচনত অৱতীৰ্ণ হ’ব অগপ আৰু বিজেপি উভয়ে । এই কথা নিশ্চিত কৰিছে দুয়োটা দলৰ নেতৃত্বই । বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু অগপৰ সভাপতি অতুল বৰা উভয়েই টিভিৰ আগত এই কথা প্ৰকাশ কৰিছে ।
বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ মন্তব্য যে, পূৰ্বৰ সোণোৱাল চৰকাৰৰ সময়তো ৰাজ্যত ২০১৮ চনত অনুষ্ঠিত হৈছিল পঞ্চায়ত নিৰ্বাচন । সেই সময়তো দিছপুৰত মিত্ৰহৈ থাকিলেও পঞ্চায়ত নিৰ্বাচনত কিন্তু অকলে অকলেই অৱতীৰ্ণ হৈছিল অগপ আৰু বিজেপি দল। সেইবাৰ বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনত অত্যন্ত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল যদিও অগপ দলে কিন্তু আশানুৰূপ ফলাফল দেখোৱাব নোৱাৰিলে ।
অগপৰ সভাপতি অতুল বৰা এতিয়া ২০১৮ৰে পুনৰাবৃত্তি ঘটাই পৌৰসভা আৰু নগৰ সমিতিৰ নিৰ্বাচনত দুয়োটা দল অকলশৰীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব । পৌৰসভা আৰু নগৰ সমিতিৰ আসন্ন নিৰ্বাচনত আনহাতে দিছপুৰৰ আন এটা মিত্ৰ দল ইউ পি পি এলৰ ইয়াত কোনো বিশেষ ভূমিকা নাথাকিব । কিয়নো ইউ পি পি এলৰ দখলত থকা অঞ্চল সমূহত অনুষ্ঠিত নহ’ব এই নিৰ্বাচন ।
আনহাতে, দলীয়ভাবে অগপ আৰু বিজেপিৰ মাজত পৌৰ নিৰ্বাচনকেন্দ্ৰিক কোনো ধৰণৰ মিত্ৰতা নাথাকিলেও ঠাই বিশেষে কোনো কোনো অঞ্চলত কিন্তু উভয় দলৰ মাজত বুজাবুজি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।
Pls Comment & share