এক শোকাকুল পৰিবেশৰ মাজেৰে ধিঙৰ সোনসেৰী ৰূপজ্যোতি মোক্তাব বিদ্যালয়ত আব্দুল হাছিম নামৰ শিক্ষক গৰাকীক বিদায় সম্ভৰ্ধনা অনুষ্ঠানত বিদায় দিয়াৰ মুহূৰ্তত আৱেগিক হৈ পৰিল শিক্ষক শিক্ষয়িত্রী আৰু ছাত্ৰ ছাত্ৰী ।
নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত ধিং সমষ্টিৰ সোনসেৰী ৰূপজ্যোতি মোক্তাব বিদ্যালয়ত কৰ্মৰত আব্দুল হাছিম নামৰ শিক্ষক গৰাকীৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানটি যোৱা ২৯ নৱেম্বৰত সম্পন্ন হয়। ১৯৮৫ চনত শিক্ষক হিচাপে যোগদান কৰি সুদীৰ্ঘ ৩৬ বছৰ ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি জ্ঞানৰ পোহৰ বিলাই আহিছিল । অৱসৰৰ সময়ত ৰাইজৰ প্ৰশংসা আৰু গুণানুকীৰ্তননেৰে বিদায় লয় শিক্ষক আব্দুল হাছিমে।
বিদ্যালয়খনত অনুষ্ঠিত সভাত শিক্ষাগুৰুক বিদায় দিবলগীয়া হোৱাত সকলো আৱেগিক হৈ পৰে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক জহিৰুল ইছলাম, সহ শিক্ষক - শিক্ষয়ত্ৰী, স্কুল সমিতিৰ সভাপতি ফৰিদুল ইছলাম, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত শিক্ষকগৰাকীক এখন শৰাই, প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয়।
আব্দুল হাছিমৰ বিদায় সম্বৰ্ধনা সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সকলো সদস্য, জেষ্ঠ নাগৰিক কুতুব উদ্দিন, শিক্ষক হৰগোবিন্দ শইকীয়া,চামচুদ্দিন আহমেদ, আবু বক্কৰ ছিদ্দিক, জিতেন বৰা, ডঃ ইছাম উদ্দিন, আবুল কাসেম, মুকছিদুল ইছলামকে ধৰি বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
ধিঙৰ পৰা মোকছিদুল ইছলামৰ ৰিৰ্পট ।।
Pls Comment & share