২০২২ চনৰ ১ জানুৱাৰীৰ পৰাই জনতাৰ ওপৰত পৰিব কোনকেইটা মাধমাৰ,আৰু কি কি ?
২০২২চনৰ ১ জানুৱাৰীৰ পৰাই জনতাৰ ওপৰত শোধাব মাধমাৰ চৰকাৰে।
দেশৰ জনতা মূল্যবৃদ্ধিত জুৰুলা হৈ থকাৰ সময়তে আন এক সমস্যাৰ সন্মুখীন হ’ব লাগিব সাধাৰণ ৰাইজ। কিয়নো ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা এটিএমৰ পৰা ধন উলিৱাওতে আপোনি ভৰিব লাগিব চাৰ্জ ।
যদি নিৰ্ধাৰিত পৰিমাণতকৈ আপোনি অধিক ধন ATMৰ পৰা উলিয়াই তেন্তে ভৰিব লগা হ’ব ২১ টকা চাৰ্জ । ATMৰ বিনামূলীয়া সীমাতকৈ অধিক বাৰ ধন উলিওৱালে চাৰ্জ লগাব পাৰে বেংকে।
ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ নিৰ্দেশনা মতে AXIS BANK বা আন বেংকৰ ATMত নিৰ্ধাৰিত সীমাতকৈ ওপৰৰ বিত্তীয় লেনদেন কৰিলে দিব লাগিব 21+GST।নতুন বছৰৰ ১ জানুৱাৰী ২০২২ৰ পৰা প্ৰযোজ্য হ’ব এই নিয়ম।
প্ৰতি মাহৰ বিনামূলীয়া লেনদেন মাহিলী সীমাতকৈ যদি অধিক হয় তেন্তে প্ৰতিবাৰ লেনদেনত আপোনি ২০ টকাৰ সলনি ২১ টকা দিব লাগিব অহা মাহৰ পৰা।অৰ্থাৎ আপোনি নিজৰ বেংক এটিএমৰ দ্বাৰা প্ৰতি মাহত মাথো ৫ বাৰ বিনামূলীয়া লেনদেন কৰিব পাৰিব । আৰু যদি তাতোকৈ অধিকবাৰ লেনদেন কৰে তেন্তে ভৰিব লাগিব চাৰ্জ।
নতুন বছৰৰ ১ জানুৱাৰীৰ পৰা বৃদ্ধি পাব মাৰুতী গাড়ীৰ মূল্য, কাপোৰ, জোতা, চেণ্ডেলত আদিত ১২ শতাংশলৈ বৃদ্বি পাব GST। ইতিমধ্যে AIRTEL, VODAPHONE, JIO’ ৰিছাৰ্জৰ মূল্য ২০ পৰা ২৫ শতাংশ মূল্যবৃদ্ধি কৰা হৈছেই।
প্ৰতি মাহত ৫টা বিনামূলীয়া লেনদেন কৰিব পাৰিব আপুনি নিজৰ বেংক এটিএমৰ জৰিয়তে ।
মেট্ৰ’ চিটীত আন বেংকৰ এটিএমৰ পৰা তিনিবাৰ আৰু অন্য স্থানৰ কেন্দ্ৰত ৫ বাৰ কৰিব পাৰিব বিনামূলীয়া লেনদেন ।
Pls Comment & share