নগাঁৱত ৰাজহ চক্ৰ বিষয়াৰ D কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ দুজন ।
পৰৱৰ্তী সময়ত এই ভুৱা ভুমিদান পত্ৰ ব্যৱহাৰ কৰি বিদ্যালয়ৰ অনুমতিৰ বাবে অসম চৰকাৰৰ শিক্ষা সঞ্চালকৰ কাৰ্যালয়ত আবেদন কৰিছিল। এই সমগ্ৰ জালিআটিৰ ঘটনা এক RTI তথ্যৰ ভিত্তিত পোহৰলৈ আহে। ইয়াৰ পাছত RTI কৰ্মী জনে নগাঁও আৰক্ষী অধীক্ষকৰ ওচৰত এক গোচৰ ৰুজু কৰে।
এই গোচৰৰ ভিত্তিতেই নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষ ধ্ৰুৱ বৰাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ইক্ৰামুল হাছান আৰু হায়দৰ আলিক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে এই ভাতৃদ্বয়ে নগাঁৱৰ HAM AK RURAL COLLEGE OF EDUCATION নামৰ এক শিক্ষা প্ৰতিষ্ঠানৰ যোগেদি ২০২০ চনত ধনৰ বিনিময়ত ভুৱা ডিগ্ৰী প্ৰদান আৰু মাইনৰিটি স্কলাৰশ্বিপৰ ধন আত্মসাত কৰাৰ অভিযোগত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল।
পৰৱৰ্তী সময়ত জামিনত মুক্তি লাভ কৰি পুনৰ জালিআটি লিপ্ত হয়। বৰ্তমান নগাঁও আৰক্ষীয়ে প্ৰবঞ্চক দুটাৰ বিৰুদ্ধে ২৬৬৯/২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
Pls Comment & share