ধিঙৰ আৰোগ্য যোগ কেন্দ্ৰৰ সাফল্য : ১২ গৰাকী প্ৰতিযোগী উন্নীত হ'ল ৰাষ্ট্ৰীয় পৰ্যায়লৈ।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীসকলে দাঙি ধৰিলে চমকপ্ৰদ প্ৰৰ্দশন। প্ৰতিযোগিতাখনিত ধিঙৰ আৰোগ্য যোগ কেন্দ্ৰৰ ৮ ৰ পৰা ১০ বছৰ লৰা শাখাৰ অনিমেশ কুড়ীয়ে দ্বিতীয় স্থান আৰু ছোৱালী শাখাৰ সঞ্চিতা কুড়ীয়ে প্ৰথম স্থান, ১০ ৰ পৰা ১২ বছৰ লৰা শাখাৰ চায়ন কৰ্মকাৰে প্ৰথম স্থান, ১২ৰ পৰা ১৪ বছৰ লৰা শাখাৰ নিৰাজ দেবনাথে প্ৰথম স্থান, ৰিজাছ হাজৰিকাই দ্বিতীয় স্থান আৰু কৌশিক শইকীয়াই তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে ছোৱালী শাখাৰ নিয়ৰ নিলম শিৱমে দ্বিতীয় স্থান লাভ কৰে ৷
একেদৰে ১৬ৰ পৰা ১৮ বছৰ লৰা শাখাৰ কৃষ্ণা গুপ্তাই প্ৰথম স্থান, ছোৱালী শাখাৰ অৱন্তিকা তালুকদাৰে দ্বিতীয় স্থান, ২১ৰ পৰা ২৫ বছৰ লৰা শাখাৰ ত্ৰিশাল দেয়ে দ্বিতীয় স্থান আৰু ছোৱালী শাখাৰ পায়েল দেৱনাথে তৃতীয় স্থান লাভ কৰে। উল্লেখযোগ্য যে, এই প্ৰতিযগিতাৰ পৰাই আগন্তুক ২৫ ডিচেম্বৰ পৰা ২৮ ডিচেম্বৰত ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হবলগীয়া ৪৬ সংখ্যক ৰাষ্ট্ৰীয় যোগাসন ক্ৰীয়ালৈ অসম ৰাজ্যিক দলটোত তেওঁলোকক বাছনি কৰা হয় বুলি আৰোগ্য যোগ কেন্দ্ৰৰ সম্পাদক ৰূপজ্যোতি কৰে জানিবলৈ দিছে।
Pls Comment & share