ভূমি কেলেংকাৰীৰ সৈতে জড়িত লাট মণ্ডলক গ্ৰেপ্তাৰ।
উল্লেখ্য যে, জিলাখনৰ বিভিন্ন ঠাইৰ ভূমি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত ধৃত তদানীন্তন লাট মণ্ডল নুৰুল হক সৰকাৰৰ 440/21 নম্বৰ গোচৰৰ লগতে কেইবাটাও গোচৰ ৰুজু হৈছিল যদিও মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে অলপতে আৰক্ষীয়ে ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ৰে পৰা দীৰ্ঘদিন ধৰি আত্মগোপন কৰি আছিল ধৃত তদানীন্তন লাট মণ্ডল নুৰুল হক সৰকাৰে।
শেহতীয়াকৈ, গোপন সূত্ৰৰ আধাৰত অভিযান চলাই সোমবাৰে বিয়লি ধুবুৰী জিলাৰ আশাৰি কান্দিৰ পৰা ধুবুৰী আৰক্ষীৰ সহযোগত দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৃত তদানীন্তন লাট মণ্ডল নুৰুল হক সৰকাৰক।
Pls Comment & share