সমাজক লজ্জানত কৰা আৰুএক ঘটনা, ভিনিয়েকে বলাৎকাৰ কৰিলে নিজ খুলশালীক ।
এটাৰ পিছত এটা বলৎকাৰৰ ঘটনা এইখন অসমতে সংঘটিত হৈছে । মানৱ সমাজক লজ্জানত কৰা এক ঘটনা মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত নামদাং কলিয়ৰীত সংঘটিত হৈছে এই বলাৎকাৰৰ ঘটনা। প্ৰাপ্ত খবৰ মতে, দীপক থাপা নামৰ এটা লম্পটে পত্নী নথকাৰ সুযোগ গ্ৰহণ কৰি নিজৰে খুলশালীক বলৎকাৰ কৰে। সমগ্ৰ ঘটনা স্থানীয় মহিলা আৰু গাঁৱৰক্ষী বাহিনীৰ লোকক ভুক্তভোগী যুৱতী গৰাকীয়ে অৱগত কৰাত বিষয়টো বিয়পি পৰে। স্থানীয় লোকৰ খবৰৰ ভিত্তত মাৰ্ঘেৰিটা আৰক্ষীয়ে লম্পট দীপক থাপাক গ্ৰেপ্তাৰ কৰি আৰক্ষী থানালৈ লৈ আনি সোধপোছ কৰি।২৯০/২০২১ নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি লম্পট দীপক থাপাক জেল হাজোতলৈ প্ৰেৰণ কৰিছে।
Pls Comment & share