নাগালেণ্ডত তিনি খন নতুন জিলা ঘোষণা মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ নেতৃত্বাধীন চৰকাৰৰ।
D24NEWSASSAM : নাগালেণ্ডৰ মন জিলাৰ অটিঙত সেনাৰ গুলীত চৌধ্য গৰাকী নিৰীহ লোকৰ মৃত্যুত সমগ্ৰ ৰাজ্যখনৰ নাগৰিক উত্তেজিত হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ নেতৃত্বাধীন চৰকাৰ খনে আৰু তিনি খন নতুন জিলা গঠনৰ কথা ঘোষণা কৰে।উল্লেখ্য যে নাগালেণ্ডৰ ৰেংমা জনগোষ্ঠীৰ লোক সকলে দীৰ্ঘদিনে উক্ত ৩ খন জিলা গঠনৰ দাবী উত্থাপন কৰি আহিছিল। তাৰেই পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ নাগালেণ্ড চৰকাৰে কেবিনেটত ক’হিমা জিলাক ভাগ কৰি টচেমিনিউ জিলা আৰু ডিমাপুৰ জিলাক ভাগ কৰি নিউলেণ্ড আৰু ছুমুকেডিমা নামে ৩ খন নতুন জিলা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
বিপৰীতে নিৰীহৰ হত্যাৰ ন্যায়ৰ প্ৰশ্নত উত্তেজিত হৈ থকা নগা লোক সকলক শান্ত কৰাৰ কাৰণেই নেইফিউ ৰিঅ’ ৰ বিজেপি মিত্ৰজোট চৰকাৰে এই কাৰ্য হাতত লৈছে বুলি বহুতেই মন্তব্য প্ৰদান কৰা পৰিলক্ষিত হৈছে।
Pls Comment & share