ধিঙত অসামাজিক কাৰ্যত বাধা দিয়াৰ বাবেই ষড়যন্ত্ৰৰ বলি হব লগীয়া হৈছে শিক্ষকৰ লগতে প্ৰাক্তন পঞ্চায়ত সভাপতি।
সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতে এতিয়া জাঙুৰ খাই উঠিছে ধিঙৰ এক নং কান্ধুলীমাৰীৰ সাধাৰণ ৰাইজ । উল্লেখ্য যে, ৰিয়াজ উদ্দিন, ফৰিদুল ইছলাম,নিজামুদ্দিন, হজৰত আলি আৰু ইদ্ৰিছ আলিয়ে শিক্ষক চিৰাজুল ইছলাম আৰু প্ৰাক্তন পঞ্চায়ত সভাপতি আব্দুল মজিদক চৰাঞ্চলৰ ভূ মাফিয়া ষড়যন্ত্ৰ মুলকভাৱে সজাই সামাজিক মাধ্যমত প্ৰচাৰ চলাই জনমানসত হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা চলোৱাৰ গুৰুত্বৰ অভিযোগ উখাপিত হৈছে।
কিন্তু তাৰ বিপৰীতে আব্দুল মজিদ আৰু শিক্ষক চিৰাজুল ইছলামৰ সপক্ষত থিয় দিছে সেই অঞ্চলৰ স্থানীয় ৰাইজে। ৰাইজৰ স্পষ্ট মত, একাংশ দুষ্টচক্ৰই প্ৰচাৰ চলোৱা দৰে কোনো কাৰনতে চৰাঞ্চলৰ মাতব্বৰৰ নহয় শিক্ষক চিৰাজুল ইছলামৰ লগতে প্ৰাক্তন পঞ্চায়ত সভাপতি আব্দুল মজিদ। যিটো দুষ্টচক্ৰই এনে অপপ্ৰচাৰ চলাইছে তেওঁলোকেই প্ৰকৃতাৰ্থত মাটিৰ দালালৰ লগতে মাতব্বৰীৰাজ চলাই আহিছে চৰাঞ্চলৰ সৰ্বসাধাৰণৰ ওপৰত।
Pls Comment & share