অদৃশ্য শিক্ষকে দিছে পাঠদান ধিঙৰ এখন বিদ্যালয়ত ।
বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনত আছে এনে এক বিশেষ চৰকাৰী বিদ্যালয় য'ত অদৃশ্য শিক্ষকে দিছে পাঠদান।আৰু ছাত্ৰ ছাত্ৰী সকলেও শুনিছে একান্ত মনে । আচলতে বিদ্যালয় খনত শিক্ষকৰ অভাৱত মোবাইলত বাণীবদ্ব কৰি পাঠদান চলাব লগা হৈছে শিক্ষক সকলে ।
অতি দৃৰ্গম অঞ্চলৰ এই বিদ্যালয় খনৰ নাম ফৰাজী বস্তিমজলীয়া বিদ্যালয়।বিদ্যালয় খনত ৯টা শ্ৰেণীৰ বিপৰীতে আছে মাত্ৰ তিনি জন শিক্ষক। দুই শতাধিক ছাত্র ছাত্রী থকা এই এই বিদ্যালয় খন সদায় বিভাগীয় কৰ্তৃপক্ষৰ পৰা অৱহেলিত হৈ আহিছে ।বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে ছাত্ৰ ছাত্ৰী সকলে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে ।বিদ্যালয় খনৰ প্ৰধান শিক্ষক জনে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অনুনয় বিনুনয় কৰিও কোনো সু-ফল পোৱা নাই । অতি পিছপৰা অঞ্চলৰ এই বিদ্যালয় খনত পৰ্যাপ্ত শিক্ষক নিযুক্তি দিবলৈ চৰকাৰক অনুৰধ জনাইছে অভিভাৱক তথা শিক্ষক সকলে ।
ধিঙৰ পৰা মুকছিদুল ইছলাম ।।
Pls Comment & share