ধিঙত নগাওঁ আৰু মৰিগাঁও জিলাৰ আমছুৰ প্ৰতিবাদী ধৰ্ণা : উচ্ছেদ অভিযান, পুনৰসংস্থাপন আৰু ভূমিহীন লোকক ভূমিপট্টা প্ৰদানৰ দাবী।
D24NewsAssam : ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কাৰ্য্যলয়ৰ প্ৰাঙ্গনত দুঘণ্টাকৈ ধৰ্ণা কৰ্য্যসূচী ৰূপায়ন কৰিলে নগাওঁ আৰু মৰিগাঁও জিলাৰ আমছুৰ কৰ্মীয়ে । শহস্ৰাধিক আমছুৰ কৰ্মীৰ দ্বাৰা ধিং ৰাজহ চক্ৰ বিষয়া কাৰ্য্যলয়ৰ পৰা মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক তীব্র সমলোচনা কৰে ।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একমাত্ৰ সংখ্যলঘু লোক সকলক লক্ষ্য কৰি বেদখলৰ নামত নানা ধৰণৰ হাৰাশাস্তি কৰিছে বুলিও প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি দিয়া ভাষণত উল্লেখ কৰে আমছুৰ বিভিন্নজন বক্তাই । ইয়াৰ লগে লগে বৰ্তমানৰ চৰকাৰ খনক এখন ফেচিষ্ট চৰকাৰ বুলি উল্লেখ কৰি বেদখলমুক্ত স্থানত থকা লোক সকলক পুনৰ সংস্থানৰ দাবী উত্থাপন কৰিছে আমছুয়ে ।নীতিবৰ্হিভূত ভাৱে বৰ্ণ বৈষ্যমৰে মূখ্যমন্ত্ৰী গৰাকীয়ে এনেদৰে কাৰ্য্য পন্থা হাতত লৈছে বুলি অভিযোগ কৰিছে আমছুয়ে । আমছুয়ে বেদখলমুক্ত হোৱাতো বিছাৰে কিন্তু বেদখলৰ নামত একমাত্ৰ সংখ্যলঘু লোক সকলক হাৰাশাস্তি নকৰিবলৈ সকীয়াই দিয়ে মূখ্যমন্ত্ৰী গৰাকীক ।অতি শীঘ্ৰে মূখ্যমন্ত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্রহণ নকৰিলে ভয়ানক ভাৱে গণতান্ত্রিক আন্দোলন কৰা হব বুলি সকিয়নী প্ৰদান কৰে । প্ৰতিবাদ স্থলীৰ পৰাই হিমন্তু বিশ্ব শৰ্মা হাই হাই,বিজেপি মূৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে নগাওঁ আৰু মৰিগাঁও আমছুৰ কৰ্মীবৃন্দই । এই প্ৰতিবাদী কাৰ্যসূচীত আমছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া ৰেজাউল কৰিম প্ৰমুখ্য কেইবাগৰাকীও বক্তাই ভাষন ৰাখে ।
Pls Comment & share