Homebreaking-newsডিমাপুৰৰ দুধৰ্ষ অপৰাধী নগাঁৱৰ বাইপাচত পিষ্টলসহ গ্ৰেপ্তাৰ । breaking-news ডিমাপুৰৰ দুধৰ্ষ অপৰাধী নগাঁৱৰ বাইপাচত পিষ্টলসহ গ্ৰেপ্তাৰ । D24 NEWS ASSAM December 05, 2021 0 adsettra adds ডিমাপুৰৰ দুধৰ্ষ অপৰাধী নগাঁৱৰ বাইপাচত পিষ্টলসহ গ্ৰেপ্তাৰ ।নগাঁও চহৰৰ সমীপৰ বৰঘাট বাইপাচৰ পৰা নগাঁও আৰক্ষীয়ে আজি দুপৰীয়া অভিযান চলাই এক্টিবা দুচকীয়া বাহনত উঠা অহা এজন লোকক পিষ্টলসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত লোকজন ডিমাপুৰৰ ছংগুচুচন নাগাটি (৩৫) বুলি আৰক্ষী চিনাক্ত কৰিছে। আজি এক গোপন খবৰৰ ভিত্তিত জিলাখনৰ উপ আৰক্ষী অধীক্ষক ত্ৰিদীপ কোমবেঙেৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অভিযান চলাই এক্টিবা বাহনসহ ডিমাপুৰৰ অস্ত্ৰধাৰী দুধৰ্ষ অপৰাধীজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ধৃত অপৰাধীটোৰ পৰা এল ০৭ই বি ১৪৭১ নম্বৰৰ এখন নিলা ৰঙৰ এক্টিবা গাড়ী, পইন্ট ৩২ এটা পিষ্টল, এটা মবাইল ছেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে যে এই অপৰাধীটোৱে দীৰ্ঘদিন ধৰি অসমত থাকি বিভিন্ন অপৰাজনিত ঘটনা সংঘটিত কৰি আহিছে। যোৱা ২০২০ চনতো ডিফু আৰক্ষী থানাই অস্ত্ৰ সৰবৰাহ আইনত গ্ৰেপ্তাৰ কৰিছিল যদিও তেওঁ কাৰাগাৰৰ পৰা চলিত বৰ্ষৰ জানুৱাৰী মাহত ওলাই আহি পুনৰ বিভিন্ন অপৰাধজনিত ঘটনাত জৰিত হৈ পৰে বুলি আৰক্ষী সুত্ৰে প্ৰকাশ কৰিছে। Below Post Ad Tags breaking-news Newer Older
Pls Comment & share