বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ প্রাক্তন শিক্ষাৰ্থীৰ সভাঃ জানুৱাৰীত ৰূপালী জয়ন্তী সমাৰোহৰ আয়োজনঃ ১৯৮৯ চনত স্থাপিত হোৱা নগাঁও জিলাৰ পশ্চিমপ্ৰান্তৰ অগ্ৰনী শিক্ষানুষ্ঠান বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয় খনিয়ে ইতিমধ্যে পছিশ বছৰতকৈ অধিক বৰ্ষ অতিক্ৰম কৰিছে।
সেই গৌৰৱোজ্জ্বল পছিশ বছৰ অতিক্ৰম কৰা উপলক্ষে মহাবিদ্যালয়খনত বৰ্নাঢ্য কাৰ্যসূচীৰে হবলগিয়া ৰূপালী জয়ন্তী উদযাপনৰ সন্দৰ্ভত প্রাক্তন শিক্ষাৰ্থী সন্মিলনীৰ এখনি সাধাৰণ সভা অনুষ্ঠিত হয়।মহাবিদ্যালয়ৰ সভাগৃহত অধ্যক্ষ হবিবুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত প্রচাৰ, পুজি সংগ্রহ আদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। বটদ্রৱা, আলিটাঙনী, কদমনি, ধূপগুৰি, কটহগুৰি, টুকটুকী, জামুগুৰি, সোনাইবেৰা, বাটমাৰী, জেঙনী, কাৱৈমাৰি, ভেৰভেৰী, ভোমোৰাগুৰি, ৰাইদঙীযা, কুজিসত্ৰ, হাতীজুজুৱা, হাইডুবী আদি বিভিন্ন ঠাইৰ তিনি শতাধিক প্রাক্তন শিক্ষাৰ্থীৰ উপস্থিতিত অনুষ্ঠিত সভাই ২০১৯ চনতে গঠন হোৱা মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনীৰ সমিতিখন আজি বৰ্ধিত ৰূপত গঠন কৰি আগন্তুক জানুৱাৰী মাহত বৰ্নাঢ্য কাৰ্যসূচীৰে মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ অনুষ্ঠানটি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত মহাবিদ্যালয়খনৰ অধ্যাপক শ্বৰিফুল ইছলাম, মন্টু বৰা, ড০ প্ৰাঞ্জলী মহন্ত, কৰ্মচাৰী ৰাজেন শইকীয়া, প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনীৰ সম্পাদক সঞ্জীৱ বৰা, উপসভাপতি লক্ষ্যধৰ তালুুকদাৰ, প্ৰচাৰ সম্পাদক দিব্যজ্যোতি বৰুৱা, ৰাব্বুল আলম, বিনোদ বৰাকে আদি কৰি কেইবাগৰাকী লোকে ভাষন প্ৰদান কৰে। সভাতে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰাৰ আশু আৰোগ্য কামনা কৰি সকলোৱে প্ৰাৰ্থনা কৰে।বটদ্ৰৱাৰ পৰা ছাইফুল ইছলাম
Pls Comment & share