ধিঙৰ লহকৰ ঘাট পঞ্চায়তৰ লেতেৰী সুঁতিত অবাধে চলিছে মৎস্য চিকাৰ : আৰক্ষীৰ ওপৰত সন্দেহৰ আঙুলি অভিযোগকাৰীৰ ।
অভিযোগ অনুসৰি মৈৰাবাৰী আঞ্চলিক পঞ্চায়তে চলিত বৰ্ষতে আহ্বান কৰিছিল নিবিদা । নিবিদাত গুলজাৰ হুছেইনৰ নাম আছিল তৃতীয় স্থানত । প্ৰথম স্থানত থকা আবুল কালামৰ নিবিদা বাতিল হোৱাৰ পাছত নিয়ম মতে দ্বিতীয় স্থানত থকা আব্দুল খলিলে লেতেৰী বিল লাভ কৰিব লাগিছিল যদিও ন্যায়ালয়ৰ গোচৰাধীন হৈ থকা বাবে বিভাগীয় ভাৱে সেই কাম হৈ উঠা নাই আৰু তাৰেই সুবিধা গ্ৰহন কৰি অবাধে লেতেৰীত মাছ মাৰিছে গুলজাৰ হুছেইন নামৰ লোকজনে ।
নীতিবৰ্হিভূত ভাৱে গুলজাৰ হুছেইনৰ এনে কাৰ্যৰ বিৰুদ্ধে মৈৰাবাৰী আঞ্চলিক পঞ্চায়তৰ লগতে পঞ্চায়ত সভাপতিয়ে ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও ধিং আৰক্ষীয়ে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহন কৰাৰ পৰিবৰ্তে গোপন মিতিয়ালীৰে গুলজাৰ হুছেইনক ৰক্ষণাবেক্ষণ দিয়াৰহে অভিযোগ উত্থাপন কৰিছে অভিযোগকাৰীয়ে ।
Pls Comment & share