কামাখ্যা মন্দিৰ সন্দৰ্ভত দিয়া বিতৰ্কিত মন্তব্যক লৈ এতিয়াও নিজৰ কথাতেই অটল ধিঙৰ বিধায়ক আমিনুল ইছলাম ।
ৰাজ্যৰ চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ধিঙৰ বিধায়ক আমিনুল ইছলামৰ মন্তব্যক লৈ । মোগল সম্ৰাট ঔৰংগজেৱে কামাখ্যা মন্দিৰত মাটি দিয়া বুলি যদি কোনো তথ্য আছে সেয়া ৰাজহুৱা কৰিবলৈ আহ্বান জনালে কামাখ্যা মন্দিৰৰ দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই । কিহৰ ওপৰত ভিত্তি কৰি বিধায়কজনে এনে বিতৰ্কিত মন্তব্য কৰিলে ?পুনৰ বাৰ তেনে মন্তব্য নকৰিবলৈ সকিয়নি কামাখ্যা মন্দিৰৰ দলৈৰ অন্যথা আইনৰ দাৰস্থ হোৱাৰ হুংকাৰ । বিধায়ক জনৰ মন্তব্যৰ কোনো ভিত্তি নাই । বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সকীয়াই দি কয় যে বিধায়কজনে এনেকুৱা কথা কৈ থাকিলে শ্বেৰমান আলীৰ দৰে তেওঁকো জে’ললৈ প্ৰেৰণ কৰা হ'ব । তথাপিও যেন ধিঙৰ বিধায়ক আমিনুল ইছলামৰ গা লৰা নাই । নিজৰ কথাতেই অটল এতিয়াও কামাখ্যা মন্দিৰ সন্দৰ্ভত দিয়া বিতৰ্কিত মন্তব্যক লৈ ।
Pls Comment & share