কৰোণাৰ টিকাকৰণ প্ৰক্ৰিয়া ১০০ শতাংশ সম্পূৰ্ণ কৰাৰ উদ্দেশ্যৰে ৰাজ্যত সৰ্বত্ৰে চলি আছে "হৰ ঘৰ দস্তক" কাৰ্যসূচী
মুখ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আহবানৰ পিছতেই টিকা কৰণ অভিযানত জড়িত সাস্থ্য কৰ্মী সকল হাতে কামে লাগি পৰিছে ।ৰাজ্যৰ অন্য ঠাইৰ সমান্তৰালকৈ নৈপৰীয়া আৰু চৰাঞ্চল সমূহতো টিকা কৰণ অভিযান পূৰ্ণ গতিত চলিছে । এই দৃশ্য ধিঙৰ ২নং কান্ধুলিমাৰিৰ ।ব্ৰহ্মপুত্ৰৰ চৰ চাপৰি অঞ্চলত স্বাস্থ্য কৰ্মী সকলে অশেষ কষ্টৰে হৰ ঘৰ দস্তক অভিযানেৰে টিকা কৰণ প্ৰায় শেষ কৰিছে।অতি দূৰ্গম বালিময় পথ আৰু একাঠু পানীকো নেওচি নিষ্ঠাৰে পালন কৰি গৈছে নিজৰ কৰ্তব্য।এই অভিযানত নিয়োজিত চৰকাৰী কৰ্মচাৰী তথা স্থানীয় ৰাইজেও পূৰ্ণ সহযোগিতা আগবঢ়াইছে।এই সকল কৰ্তব্যপৰায়ণ সাস্থ্য কৰ্মী সচাঁকেয়ে প্ৰশংসাৰ পাত্ৰ। ধিঙৰ পৰা মোকছিদুল ইছলাম ।।
Pls Comment & share