CBSE প্ৰশ্নকাকতৰ প্ৰশ্নঃ- কোনখন চৰকাৰৰ দিনত গুজৰাটত মুছলমানৰ বিৰুদ্ধে সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল ?
গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষ কোনখন চৰকাৰৰ দিনত সংঘটিত হৈছিল বুলি প্ৰশ্ন এটা দ্বাদশ শ্ৰেণীৰ সমাজতত্ত্ব বিষয়ৰ পৰীক্ষাৰ প্ৰশ্নকাকত সন্নিবিষ্ট কৰা ঘটনাক কেন্দ্ৰ কৰি সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই প্ৰশ্নটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছতেই
CBSEৰ তৰফৰ পৰা ইয়াৰ স্পষ্টীকৰণ দি এনেধৰণৰ প্ৰশ্ন গ্ৰহণযোগ্য নহয় আৰু ইয়াৰ সৈতে জড়িত ব্যক্তিৰ বিৰুদ্ধে ব্যাৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনাইছে। লগতে
CBSEৰ তৰফৰ পৰা এই প্ৰশ্নকাকতখন প্ৰস্তুত কৰা সময়ত ইয়াৰ বিশেষজ্ঞই নিৰ্দিষ্ট নিৰ্দেশনাবলীও উলংঘা কৰা বুলি উল্লেখ কৰে । উল্লেখ্য যে, বিগত ২০০২ চনত নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্য মন্ত্ৰী হৈ থকাৰ সময়তে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল গুজৰাটত ।
উক্ত সংঘৰ্ষৰ সৈতে নৰেন্দ্ৰ মোদীৰ নাম সাঙোৰাৰ বাবে বিৰোধী দলে চেষ্টা কৰি আহিছিল। এতিয়া চিবিএছইৰ প্ৰশ্নকাকতত পুনৰ উক্ত বিষয়ক সজীৱ কৰি তোলাত একাংশ বিজেপি নেতা খৰ্গহস্ত হৈ পৰিছে। এই ক্ষেত্ৰত CBSEৰ তৰফৰ পৰা কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয় হব।
Pls Comment & share