উৎকোচ বিচাৰি নাজিৰাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ সহ পৰিদৰ্শক দুৰ্নীতি শাখাৰ অভিযানত আটক।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতি মুক্ত অসম গঢ়াৰ সময়তে কিন্তু এচাম দুৰ্নীতি বিষয়া তথা চৰকাৰী বিষয়াই বৰ্তমানেও দুৰ্নীতিত লিপ্ত হৈয়েই আছেে। নাজিৰাৰ প্ৰাথমিক শিক্ষাখণ্ডৰ সহ পৰিদৰ্শক নবুল ইছলামে নাজিৰা গেলেকী সোণাপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীৰ পৰা ১৫০০০হাজাৰ উৎকোচ লোৱাৰ সময়তে আটক কৰে আজি দুৰ্নীতি নিবাৰক শাখাই। নাজিৰাৰ গেলেকী সোণাপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰিজুমণি বৰুৱা ১৭নৱেম্বৰ তাৰিখে উপস্থিত নাছিল বিদ্যালয়ত। সেইদিনা ৰিজুমণি বৰুৱা গৈছিল চিকিৎসালয়লৈ। ৰিজুমণি বৰুৱা বিদ্যালয়ত উপস্থিত নথকাৰ সুযোগ লৈয়ে নাজিৰাৰ প্ৰাথমিক শিক্ষাখণ্ডৰ সহ পৰিদৰ্শক নবুল ইছলামে ৰিজুমণি বৰুৱাক চাকৰি পৰা নিলম্বিত কৰাৰ কথা কোৱাৰ লগতে ১৫০০০টকা ঘোচ বিচাৰে বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে ৰিজুমণি বৰুৱা স্বামী দুলেশ্বৰ শইকীয়াই। এই ঘটনাৰ পম খেদিয়েই আজি দুৰ্নীতি নিবাৰক শাখাই ১৫০০০হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে হাতে লোটে ধৰে নবুল ইছলামক। দুৰ্নীতি নিবাৰক শাখাই নবুল ইছলামৰ বাসগৃহত জেৰা চলাই বিভিন্ন সা-সামগ্ৰী জব্দ কৰাৰ লগতে নবুল ইছলামকো ইতিমধ্যে আটক কৰে।
Pls Comment & share