চৰকাৰ-প্ৰশাসনৰ ভুলৰ বাবেই জলমগ্ন হব পাৰে নগাঁও-মৰিগাঁও জিলা। চৰকাৰ-প্ৰশাসনৰ আজৱ কাণ্ড। ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়া ৰোধৰ বিপৰীতে নতুনকৈ নদী খন্দাৰ যো-জা।
কাৰণ চৰকাৰে বানপানী আৰু গড়াখহনীয়াৰ সমস্যা সমাধানৰ বিপৰীতে নতুনকৈ এক সমস্যা বৃদ্ধিৰ পৰিকল্পনা কৰাৰ দৰেই আজৱ ঘটনা সংঘটিত কৰিছে। নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ এলেকাধীন ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়াৰ কৱলত থকা কেইবাটাও অঞ্চল ধিঙৰ বৰবিল কছাৰী গাওঁ, মহখুটী আৰু লাঠয়ামাৰী অঞ্চলত বিগত যুগ যুগ ধৰি বসবাস কৰি অহা শ শ কৃষক পৰিয়ালে ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়াৰ কৱলত পৰি যমৰ যাতন ভুগি আহিছে।
কিন্তু ইতিমধ্যে এইসমূহ অঞ্চলত ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়া বন্ধ হৈছে যদিও চৰকাৰ-প্ৰশাসনে পুনৰ নতুনকৈ নদী খান্দি এইসমূহ অঞ্চলৰ হাজাৰ হাজাৰ কৃষিজীৱী পৰিয়ালক জীৱন্তে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ লগতে বৃহত্তৰ নগাঁও-মৰিগাঁও জিলা জলমগ্ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।
ৰাইজৰ অভিযোগ, চৰকাৰ আৰু নগাঁও জিলা প্ৰশাসনে ব্ৰহ্মপুত্ৰৰ এইসমূহ অঞ্চলৰ পৰা শ শ বিঘা মাটিত খনন কাৰ্য্য চলাই অন্য ঠাইলৈ মাটি হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰ-প্ৰশাসনৰ এই সিদ্ধান্তৰ পাছতেই এইস্থানত যোৱাকালি আৰম্ভ হৈছিল মাটি খনন কাৰ্য্য।
যাৰ ফলত শ শ পৰিয়াল গৃহহীন হোৱাৰ লগতে তুনকৈ আন এটা নদীৰ সৃষ্টি কৰি পুনৰ গড়াখহনীয়াৰ সমস্যা আৰম্ভ কৰি সমগ্ৰ নগাঁও-মৰিগাঁও জিলাৰ বিস্তাৰ ক্ষতি-সাধন হোৱাৰ সম্ভাৱনা আছে। তাৰ পিছতেই এইসমূহ চৰাঞ্চলৰ কৃষিজীৱী ৰাইজে চৰকাৰ-প্ৰশাসনৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে নগাঁও জিলা উপায়ুক্ত আৰু ধিং ৰাজহ চক্ৰ বিষয়াক ৰাজহুৱা লিখিত আবেদন দাখিল কৰাৰ পিছতেই প্ৰশাসনে মাটি খনন কাৰ্য বন্ধ ৰাখিছে যদিও পৰৱৰ্তী সময়ত চৰকাৰ-প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয়। ছাইদুল ইছলাম, ধিং
Pls Comment & share