ধিঙ গাওঁৰক্ষী বাহিনীৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন ।
D24 NEWS ASSAM : ধিং থানা গাওঁৰক্ষী বাহিনীৰ উদ্যোগত অনুষ্ঠিত হয় ৭৩ সংখ্যক গাওঁৰক্ষী বাহিনী প্ৰতিষ্ঠা দিৱস ৷ এই উপলক্ষে পুৱা গাঁও ৰক্ষী বাহিনীৰ পতাকা উত্তোলন কৰে ধিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিঠু দাসে ৷ ইয়াৰ পিছৰ কাৰ্যক্ৰমণিকা অনুসৰি গাওঁৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক হৰি নাৰায়ণ বৰুৱাৰ প্ৰাতিকৃতিত মাল্যাৰ্পনেৰে গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ধিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিঠু দাস আৰু বিভিন্ন গাঁৱৰ পৰা অহা গাঁওৰক্ষী বাহিনীৰ সদস্য সকলে ৷
ইয়াৰ পিছত চাফাই অভিযান, বৃক্ষ ৰূপন আদি কাৰ্য্যসূচীৰ অন্তত গাওঁ ৰক্ষী বাহিনীৰ সভা কক্ষত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ মুকলি সভাত বিশিষ্ট বক্তা সকলে থানা খনৰ গাওঁৰক্ষী বাহিনীৰ অভাৱ- অভিযোগ আৰু গাওঁৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক হৰিনাৰায়ণ বৰুৱাৰ জীৱনৰ ওপৰত বিভিন্ন জনে আলোকপাত কৰে ।
ভাৰপ্ৰাপ্ত বিষয়া মিঠু দাসে তেওঁৰ উদাত্ত ভাষণ প্ৰসংগত কয় যে- গাওঁৰক্ষী বাহিনী সমূহৰ মাজত আইন -শৃংখলা আৰু ড্ৰাগছ,জুৱা, মদ আদি অ-সামজিক কাৰ্যকলাপ ওপৰত সজাগতা গঢ়ি তুলিবলৈ চেষ্টা কৰাৰ বাবে আহ্বান জনায়। সভাত উপস্থিত থাকি সাংবাদিক আবুল হুছেইনে কয় যে- আটাইতকৈ পুৰণি চৰকাৰী সংগঠনটোৱেই হৈছে গাঁওৰক্ষী বাহিনী ৷ গাঁওৰক্ষী বাহিনীৰ সদস্য হোৱাটো সৌভাগ্যৰ বিষয় ৷
আৰক্ষী আৰু সাধাৰণ জনতাৰ মাজত সম্পৰ্ক গঢ়ি তোলাৰ যোগসূত্ৰকাৰী হ’ল গাঁওৰক্ষী বাহিনী, সেয়ে গাঁওৰক্ষী বাহিনীৰ শক্তি অতুলনীয় । আজিৰ সভাত ভাৰপ্ৰাপ্ত বিষয়া মিঠু দাস,সাংবাদিক আবুল হুছেইন, থানা কমিটিৰ সভাপতি বীৰেন মহন্ত আৰু সম্পাদক মইনুল হক সিকদাৰৰ লগতে শতাধিক বাহিনীৰ সদস্য উপস্থিত থাকে।
Pls Comment & share