এজন ভাৰতীয় প্ৰাক্তন সৈনিকৰ নিলজ্জ কাণ্ডই লজ্জাজনত কৰিলে মানৱ সমাজক । কন্যা সন্তান জন্ম দিয়াৰ বাবেই পত্নীক এৰি পাতিলে দ্বিতীয় বিবাহ।
D24 NEWS ASSAM : এতিয়াও যেন একাংশ লম্পট পুৰুষৰ বাবে নাৰী হৈ আছে ভোগৰ সামগ্ৰী। এনে এক জঘন্য ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ অন্তৰ্গত জুৰীয়াৰ ফাকুলি পথাৰ গাঁৱত। ঘটনাৰ বিৱৰণী মতে, ফাকুলি পথাৰ গাঁৱৰ ছাবিনা ইয়াছমিন নামৰ এইগৰাকী যুৱতীৰ সৈতে বাৰ বছৰ আগতেই ধিং আৰক্ষী থানাৰ অন্তৰ্গত ধূপগুৰী পথাৰৰ প্ৰাক্তন ভাৰতীয় সৈনিক গাজিবুৰ ৰহমানৰ লগত বিবাহ হৈছিল।
অভিযোগ মতে, ছাবিনা ইয়াছমিনে দুটি কন্যা সন্তান জন্ম দিয়াৰ বাবেই লম্পট স্বামী গাজিবুৰ ৰহমানে চাৰি বছৰ আগতেই পত্নী ছাবিনা ইয়াছমিনৰ লগত সম্পৰ্ক বিচিন্ন কৰি আকৌ অন্য এগৰাকী যুৱতীৰ লগত বিবাহ পাশত আবদ্ৱ হয় ।
অসহায় ছাবিনা ইয়াছমিনে লম্পট স্বামীৰ বিৰুদ্ধে তেতিয়াই ধিং আৰক্ষী থানাত গোচৰ ৰুজু কৰি দুবছৰীয়া আৰু সাত মহীয়া কন্যা সন্তানক লগত লৈ দিনৰ পাছত দিন ধৰি ন্যায়াৰ আশাত মাতৃ গৃহতেই আশ্ৰয় লৈ আহিছে যদিও বৰ্তমানেও ন্যায় লাভ নকৰিলে ছাবিনাই ।
প্ৰশ্ন হয় অপৰাধ নেকি কন্যা সন্তান জন্ম দিয়াটো ?
কি ভুল আছিল এই নিষ্পাপ শিশু দুটিৰ লগতে মাতৃ ছাবিনাৰ ?
কন্যা সন্তান হৈ জন্ম লোৱাটো ভূল আছিল নেকি কণমানি দুটিৰ ?
বৰ্তমান পিতৃৰ মৰম-চেনেহৰ পৰা বঞ্চিত হৈ এই শিশু দুটিয়ে দেউতা-দেউতা বুলি কান্দি কান্দি চকুৰে বাট বিচাৰি নোপোৱা অৱস্থা হৈ পৰিছে । কিন্তু পাষাণ অন্তৰৰ পিতৃ এইজন গাজিবুৰ ৰহমানে যেন আজীৱনৰ আঁতৰি গুচি গৈছে দুই কণমানিৰ পৰা। উপায়বিহীন মাতৃয়ে দুই কণমানি সন্তানক বুকুত সাবটি লৈ আজি সংবাদ মাধ্যমৰ আগত নিজৰ ন্যায়াৰ লগতে এই শিশু দুটিৰ ভৱিষ্যতৰ দায়িত্ব কোনে গ্ৰহণ কৰিব এই প্ৰশ্ন উখাপন কৰিছে নগাঁও জিলা আৰক্ষী প্ৰশাসন আৰু চৰকাৰৰ ওচৰত।
ছাইদুল ইছলাম, ধিং
Pls Comment & share